গোটেই জীৱন ধুনীয়া হৈ থাকিবলৈ ৬টা কথা নাপাহৰিব

লাইফষ্টাইল ডেস্ক: সকলোৱে ধুনীয়া ছাল বিচাৰে। ইয়াৰ বাবে বহুতে ছালত বিভিন্ন বস্তু লগায়। অৱশ্যে কিছুমান উপাদান আছে, যিবোৰৰ ব্যৱহাৰে উপকাৰতকৈ ক্ষতি কৰে। আৰু সেইবোৰ ব্যৱহাৰ কৰাটো একেবাৰেই সঠিক নহয়। স্বাস্থ্য ৱেবছাইট হেল্ থী ফুড টিমে এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছে।

এবাৰ চাওঁ আহক-

১. ভেচেলিন: সমগ্ৰ বিশ্বতে ভেচেলিন হৈছে এক উৎকৃষ্ট ছালৰ মইশ্ব’ৰাইজাৰ। শুকান ছাল ৰোধ কৰাত ই উপযোগী। ইয়াক বিভিন্ন কাটিলে বা পোক-পৰুৱাৰ কামোৰত ব্যৱহাৰ কৰিব পাৰি। কিন্তু ব্ৰণ থাকিলে কেতিয়াও মুখত Vaseline লগাব নালাগে। কাৰণ, ই ব্ৰণ আৰু বেছি বেয়া কৰিব পাৰে।

২. বডি লোচনঃ বডি লোচন শৰীৰৰ বাবে তৈয়াৰ কৰা হয়, মুখৰ বাবে নহয়। মুখৰ ছালতকৈ শৰীৰৰ ছাল ডাঠ। আৰু সেই অনুসৰি বডি লোচনো তৈয়াৰ কৰা হয়।

৩. গৰম পানী: গৰম পানীৰে গা ধোৱা বা ভাপত গা ধোৱাটো বহুতে পছন্দ কৰিব পাৰে। কিন্তু মুখৰ ছালত গৰম পানী লগোৱাটো ঠিক নহয়। মুখৰ ছাল শুকান কৰি তোলে।

৪. টুথপেষ্টঃ ব্ৰণ শুকুৱাবলৈ বহুতে টুথপেষ্ট ব্যৱহাৰ কৰে। কিন্তু কেতিয়াও এনে নকৰিব। টুথপেষ্টে মুখৰ ছালত বিৰক্তিকৰ কৰি জটিলতাৰ সৃষ্টি কৰিব পাৰে। যেনে: ৰাসায়নিক জ্বলন, দাগ আদি।

৫. হাইড্ৰজেন পেৰাক্সাইড: এই শক্তিশালী উপাদানে কাটি যোৱা আৰু পোৰা ঠাইবোৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ কাম কৰে। কিন্তু ব্ৰণৰ চিকিৎসাৰ বাবে ই কেতিয়াও ভাল উপাদান নহয়। ইয়াৰ ফলত প্ৰদাহ আৰু এলাৰ্জী হ’ব পাৰে।

৬. বেকিং চোডা: বহুতে ভাবে যে বেকিং চোডা ব্যৱহাৰ কৰিলে ছালৰ মৃত কোষ আঁতৰোৱাৰ বাবে ভাল। বিশেষজ্ঞসকলে কয় যে ইয়াৰ ব্যৱহাৰে ছালৰ ক্ষতিসাধন কৰে আৰু ছালত পানীৰ অভাৱ ঘটায়। সেয়েহে মুখত বেকিং চোডা ব্যৱহাৰ নকৰিবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে। মাত্ৰ ৩০ মিনিটত ফেয়াৰ ছাল, নিজেই ক্ৰীম বনাওক।

Leave a Comment